বিভাগসমূহ/ পিআইইউ

Last Updated on: December 21, 2022

জাইকা পুঁজিৰে চলি থকা "অসম স্বাস্থ্য প্ৰণালী শক্তিশালীকৰণ প্ৰকল্প" ৰ বাবে প্ৰকল্প ৰূপায়নকাৰী গোটৰ বিষয়ে

শিক্ষাৰ সঞ্চালকালয়ৰ কাৰণে প্ৰকল্প ৰূপায়নকাৰী গোট

অসমৰ চিকিৎসা শিক্ষা সঞ্চালকালয়ত জাইকাৰ পুঁজিৰে "অসম স্বাস্থ্য প্ৰণালী শক্তিশালীকৰণ প্ৰকল্প"ৰ অধীনত প্ৰকল্প ৰূপায়ণ গোট (পি.আই.ইউ.)ৰ নেতৃত্ব সঞ্চালক বা তেওঁৰ প্ৰতিনিধিৰ দ্বাৰা যি উপ-ডি.এম.ই. পদবীৰ তলৰ নহয় দ্বাৰা কৰা হব। প্ৰকল্প ৰূপায়ণ গোটৰ মুখ্য দায়িত্ব হৈছে প্ৰকল্পটোৰ ৰূপায়ণ আৰু বাৰ্ষিক পৰিকল্পনা প্ৰস্তুত কৰা, অগ্ৰগতিৰ ব্যৱস্থাপনা আৰু নিৰীক্ষণ, পৰিকল্পনাৰ ওপৰত ভিত্তি কৰি কৃৰ্তিত্বৰ বাৰ্ষিক মূল্যাঙ্কন আৰু ত্ৰিমাসিক ভিত্তিত প্ৰকল্প ৰূপায়ণ গোটক প্ৰতিবেদন দিয়া। ইউনিভাৰ্চেল হেল্থ কেয়াৰ (ইউ এইচ চি) মডেল স্থাপন কৰাৰ বাবে প্ৰকল্প ৰূপায়ণ গোটে তৃতীয়, গৌণ আৰু প্ৰাথমিক পৰ্যায়ৰ চিকিৎসা প্ৰতিষ্ঠানবোৰত সহযোগিতাৰ বাবেও দায়বদ্ধ হ'ব, যি হৈছে প্ৰকল্পটোৰ লক্ষ্য।

প্ৰকল্প ৰূপায়ণ গোটৰ বাবে গড়কাপ্তানি গৃহ আৰু ৰাষ্ট্ৰীয় ঘাইপথ বিভাগ(পি ডব্লিউ বি আৰু এন এইচ ডি), অসম

গড়কাপ্তানি গৃহ আৰু ৰাষ্ট্ৰীয় ঘাইপথ বিভাগ(পি ডব্লিউ বি আৰু এন এইচ ডি), অসমত জাইকাৰ পুঁজিৰে "অসম স্বাস্থ্য প্ৰণালী শক্তিশালীকৰণ প্ৰকল্প"ৰ অধীনত প্ৰকল্প ৰূপায়ণ গোটটোৰ বিশেষ মূখ্য অভিযন্তা, গড়কাপ্তানি গৃহ(স্বাস্থ্য আৰু শিক্ষা) বা তেওঁৰ প্ৰতিনিধি যি অধীক্ষক অভিযন্তা পদবীৰ তলৰ নহয় তেওঁলোকৰ দ্বাৰা নেতৃত্ব কৰা হব। প্ৰকল্প ৰূপায়ণ গোটৰ মুখ্য দায়িত্ব হৈছে অসম স্বাস্থ্য ব্যৱস্থা শক্তিশালীকৰণ প্ৰকল্পৰ অসামৰিক নিৰ্মাণৰ কাম ৰূপায়ণ কৰা।

Universal Accessibility Menu